দিখৌমুখঃ শুকুৰবাৰে শিৱসাগৰ জিলাৰ দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় প্রাংগনত কৰ্কট ৰোগৰ সজাগতা আৰু চিনাক্ত কৰণ সন্দৰ্ভত এখন সভা অনুষ্ঠিত হ’ব৷

দিখৌমুখ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বৰদৈচিলা ফাউণ্ডেচন আৰু শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া কৰ্কট ৰোগৰ সজাগতা আৰু চিনাক্ত কৰণ সভা দিনৰ ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷

সভাত ভালেকেইজন গণ্য মান্য চিকিৎসক উপস্থিত থাকিব৷ বৰ্তমান সময়ত মহামাৰী ৰূপ ধাৰণ কৰা কৰ্কট ৰোগত দিখৌমুখ অঞ্চলৰ বহু লোকে অকালতে মৃত্যুক আকোৱালি লোৱা পৰিলক্ষিত হৈছে৷

এই ৰোগৰ পৰা হাত সাৰিবলৈ তথা ৰোগ চিনাক্তকৰণ হোৱা মাত্রকে ততাতয়াকৈ কেনেধৰণে চিৎকিসাৰ বাবে আগবাঢ়িব লাগিব সেই সন্দৰ্ভত আলোচনাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰা হৈছে৷