12
Dec
2017

তুলসীবাৰীঃ ৰাজ্যৰ শিল্পীসকলে একত্ৰিত হৈ সুৰক্ষা তথা মৰ্যাদাৰ হকে কাম কৰাৰ উদ্দেশ্যে বিগত বৰ্ষত গঠন হৈছিল অসম শিল্পী সন্থা৷ অসম শিল্পী সন্থাৰ এখন বিশেষ সাধাৰণ সভা অহা ২৫ ডিচেম্বৰৰ পুৱা ১০ বজাৰ পৰা কামৰূপ-নলবাৰী জিলাৰ সীমান্তৱৰ্তী ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ নোনা নৈৰ বালিচৰত অনুষ্ঠিত হ’ব৷
সভাত সংগঠনটোৰ ভবিষ্যত কৰ্মপন্থা নিৰ্ধাৰণ কৰা হ’ব। সভাত শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব বুলিও জানিব পৰা গৈছে৷
ন’ খোৱা পৰ্বৰো আয়োজন কৰা হৈছে৷ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আগ্ৰহী শিল্পীসকলক সন্থাৰ নলবাৰী চ'ক বজাৰৰ গুৰুকুল ভৱনৰ কাৰ্যালয়ত নতুবা 9954293668, 984576263 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় অসম শিল্পী সন্থাৰ নলবাৰী জিলা সমিতিয়ে৷