13
Aug
2017

চিচিবৰগাঁওঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিচিবৰগাঁও আঞ্চলিক সমিতিৰ আজি এখন সভা অনুষ্ঠিত হয়।
চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত তপন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত চিচিবৰগাঁও আঞ্চলৰ বহু যুৱ-ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷
সভা খনত জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰুস্তম ৰেগন, অটুল হাজৰিকা আৰু যুটিয়া সম্পাদক ভাস্কৰ বুঢ়াগোহাঁইয়ে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে৷
সভাত উপস্থিত যুৱ-ছাত্ৰ সৰ্বসন্মতি সাপেক্ষে তপন শইকীয়াক সভাপতি আৰু সঞ্জীৱ গগৈক সাধাৰণ সম্পাদক হিচাবে লৈ ২৯ জনীয়া শক্তিশালি চিচিবৰগাঁও আঞ্চলিক সমিতিসমিতি গঠন কৰা হয়৷
সভাত জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰঞ্জন দাস উপ-সভাপতি প্ৰিয়াংকু চুতীয়া উপস্থিত থাকি বক্তব্য প্ৰদান কৰাৰ লগতে চিচিবৰগাঁও অঞ্চলৰ ৰাস্তা-ঘাট, বিশুদ্ধ খোৱা পানী, চিকিৎসালয় আদি উন্নত কৰাৰ দাবীত সংগ্ৰাম কৰাৰ সংকল্প লয়৷