বোকাজানঃ অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ কাৰ্বি আংলং জিলা আহ্বায়ক সমিতিৰ উদ্যোগত দেওবাৰে হাওৰাঘাটৰ নগৰ সমিতিৰ সভাকক্ষত এখন সভা অনষ্ঠিত হয়৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ শতাধিক লোকৰ উপস্থিতিত অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে ৰাজ্যৰ বিভিন্ন সমস্যা তথা সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে৷

সভাত সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰ দেৱজিত ভৰালীয়ে সাম্প্ৰতিক ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নৱ প্ৰজন্মৰ দায়িত্ব থকা বুলি কয়৷ বিদেশী বঙালে কোঙা কৰা অসম ভূমিত এতিয়া অসমৰ সমূহ খিলঞ্জীয়া বৃহত্তৰ অসমৰ স্বাৰ্থত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কেৱল মাত্ৰ অসমীয়াৰ পৰিচয়েৰে ওলাই আহিবলৈ আহ্বান জনায়৷

নৱ প্ৰজন্মই যদি কোনো কাম নোৱাৰিম মনোভাব লৈ সদায় হাত সাৱটি বহি থাকে, তেন্তে কোনো কালেই সফল হবই নোৱাৰিব অৰ্থাৎ সপ্ত সাগৰে কোনোদিনে দক্ষ নাৱিকৰ গঢ় দিব নোৱাৰে বুলি কয়৷ সংগঠনটোৰ সাংগঠানিক সচিব বিজয় শদিয়াখোৱাই নৱ গঠিত কাৰ্বি আংলং জিলা সমিতি কিদৰে আগবাঢ়ি যাব সুন্দৰ পৰামৰ্শ আগবঢ়াই৷

সমগঠনৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈয়ে সংগঠনৰ মূল লক্ষ্য অসমত খিলঞ্জীয়াৰ অধিকাৰ ১০০% সুনিশ্চিত কৰিব লাগিব বুলি কয়৷ বিশ্বৰ অন্য ১৪২ খন দেশৰ দৰে ভাৰতেও স্বাক্ষৰ কৰা ৰাষ্ট্ৰ সংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ ২০০৭ অসমতো বলবৎ হব লাগে বুলি কয়৷

ভাৰতবৰ্ষৰ অন্য ৰাজ্য সমূহৰ দৰে অসমৰ ক্ষেত্ৰটো বিদেশী বহিস্কৰণৰ ভিত্তি বৰ্ষ ১৯৫১ চনেই হ’ব লাগিব বুলি কৈ কোনো কাৰণতে ৭০লাখ বিদেশী সামৰি ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে গ্ৰহণ কৰা নহব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে৷ ইতিমধ্যে বৰপেটা, তেজপুৰ, নগাঁও, গোলাঘাট, মাজুলী, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, ধেমাজীত সংগঠনটোৱে সমিতি গঠন কৰিছে৷ দেওবাৰে ৰমন টিমুংক সভাপতি নিকোলাচ ৰাজবংশীক সচিব হিচাপে লৈ ৮২ জনীয়া কাৰ্বি আংলং জিলা সমিতি গঠন কৰা হয়৷