
জাজৰিঃ দেশত স্বচ্ছ ভাৰত অভিযানে ব্যাপক প্ৰচাৰ, প্ৰসাৰ লাভ কৰাৰ লগে লগে লাহে লাহে সজাগ হ’ব ধৰিছে দেশৰ জনগণ৷ অসমতো ৰাইজক সজাগ হোৱা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ সৈতে সংগতি ৰাখি দলংঘাটৰ মাজ-জাজৰি আৰু কাকমাৰী গাঁও পঞ্চায়তৰ মহিলা আত্ম-সহায়ক গোটৰ সদস্যাই স্বচ্চতাৰ সন্দৰ্ভত এখন সজাগতা তথা মাতৃ সভা অনুষ্ঠিত কৰে।
নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে অনুষ্ঠিত কৰা সজাগতা সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা বিষ্ণু বৰা, দলংঘাট উন্নয়ন খণ্ডৰ খণ্ড সমন্বয়ক কল্যান কুমাৰ সোণোৱাল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী মানিক বৰা, ৰাজু গোস্বামী, মুকুল বৰা, পঞ্চায়ত পৰ্যায়ৰ সমলকৰ্মী দিপুমনি বৰা, ৱাহিদা আহমেদে স্বচ্চ ভাৰত অভিযানৰ লক্ষ্য-উদ্দেশ্যৰ সন্দৰ্ভত আলোকপাত কৰে।
পঞ্চায়ত দুটাৰ প্ৰায় ৩০০ মহিলাৰ উপস্থিতিত দুয়োটা পঞ্চয়ত নিৰ্মল গ্ৰাম হিচাবে গঢ়ি তোলাৰ সংকল্পৰে প্ৰতিঘৰ লোক, প্ৰতিগৰাকী মহিলা, প্ৰতিজন ব্যক্তিক সজাগ আৰু সচেতন কৰাৰ লক্ষ্যৰে এই সজাগতা সভাখন পঞ্চায়ত দুটাৰ মধ্যস্থল দক্ষিন জাজৰিৰ ভূপেন হাজৰিকা মুকলি মঞ্চত আজি অনুষ্ঠিত কৰে৷