নলবাৰীঃ ন ন উদ্ভাৱনেৰে বিজ্ঞানৰ কৌতুহলক গ্ৰাম্যাঞ্চলত প্ৰচাৰিত কৰাৰ উদ্দেশ্যেৰে ১৯৯২ চনৰে পৰাই ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহে উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে। অসমৰ বিভিন্ন প্ৰান্তৰ শিশু বিজ্ঞানীৰ প্ৰতিভাই ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে জিলিকি উঠিছে।

হৰনাথ এই বছৰ উদযাপন কৰিছে ৰূপালী জয়ন্তীৰ বিশেষ ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহ ২০১৭' বৰ্ষটি। সোমাবাৰে প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত প্ৰাক্তন শিশু বিজ্ঞানীসকলৰ মাজত অনুষ্ঠিত হয় এখনি অন্তৰংগ-আলাপ অনুষ্ঠান।

বিগত বছৰ ধৰি বাক্সা জিলাক প্ৰতিনিধিত্ব কৰি নানা শিশু বিজ্ঞানীসকলে উপস্থাপন কৰি আহিছে বিজ্ঞান বিষয়ত নানান প্ৰকল্প। ১০ৰ পৰা ১৭ বছৰ বয়সৰ শিক্ষাৰ্থীয়ে জৰীপ আৰু পৰীক্ষামূলক ভাবে প্ৰস্তুত কৰি উলিওৱা প্ৰকল্পসমূহ প্ৰথম পৰ্যায়ত জিলা ভিত্তিত নিৰ্বাচিত হৈ ৰাজ্যিক পৰ্যায়লৈ গৈ শিশু বিজ্ঞানীসকলে প্ৰকল্প উপস্থাপনৰ সুবিধা পাই আহিছে।

প্ৰতিযোগিতাত ৰাজ্যিক পৰ্যায়ত প্ৰকল্প নিৰ্বাচিত হৈ বাক্সা জিলাৰ শিশু বিজ্ঞানীয়ে নানান প্ৰকল্প ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাবলৈ সক্ষম হৈছে। পূৰ্বেই অংশগ্ৰহণ কৰা প্ৰায় অৰ্ধ শতাধিক প্ৰাক্তন শিশু বিজ্ঞানীয়ে আজি জিলাখনৰ এই সমাৰোহত অংশগ্ৰহণ কৰে।

বাক্সা জিলাৰ কুমাৰীকাটা, তামূলপুৰ, নাগ্ৰিজুলি, মছলপুৰ, বৰমা, শালবাৰী, বাঘমাৰা, ৰামেচুবুৰি, বৰবাৰী, জালাহ আদি অঞ্চলৰ পৰা অহা প্ৰাক্তন শিশু বিজ্ঞানীয়ে আজিৰ এই অনুষ্ঠানৰ মাজেৰে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ মধুৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে আগন্তুক সময়ত জিলাখনৰ গ্ৰাম্যাঞ্চলৰ শিশু শিক্ষাৰ্থীসকলক আগবাঢ়ি আহি প্রকল্প উপস্থাপনৰ জৰিয়তে সমাৰোহত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

দুদিনীয়া কৈ অনুষ্ঠিত হোৱা সমাৰোহখনিত মঙলবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে প্ৰায় শতাধিক প্ৰকল্প উপস্থাপন কৰিব৷ তাৰেই ১০ টা নিৰ্বাচিত প্ৰকল্প উপস্থাপন হব ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ অসম ৰাজ্যিক পৰ্যায়ত৷