দলংঘাটঃ শিক্ষাৰ জ্যোতিৰে সমাজত পোহৰ বিলোৱাৰ মানসেৰে দৰং জিলাৰ পশ্চিম মঙলদৈৰ একাংশ শিক্ষিত যুৱকৰ তৎপৰতাত গঠিত হল জ্যোতি ট্ৰাষ্ট।

পশ্চিম মঙ্গলদৈৰ বিভিন্ন সমস্যা সমূহ দূৰ কৰাৰ লগতে অঞ্চলটোত এক শৈক্ষিক বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যেৰে জ্যোতি ট্ৰাষ্ট গঠন কৰা হয়৷

বৃহস্পতিবাৰে নিজডাঁহী প্ৰাথমিক বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰি জেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ শৰ্মাক সভাপতি আৰু বিতোপন ডেকাক জ্যোতি ট্ৰাষ্টৰ সম্পাদক হিচাপে নিৰ্বাচন কৰি ট্ৰাষ্টৰ পৰৱৰ্তী কাৰ্যৱলী সম্পৰ্কে বিশদ আলোচনা কৰা হয়৷