06
Sep
2017

বিহালীঃ সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ জিনজিয়া আঞ্চলিক সমিতিৰ আজি এখন সভা অনুষ্ঠিত হৈ যায়।
জিনজিয়া পঞ্চায়ত কাৰ্যালয়ৰ সভাকক্ষত অৱতাৰ কুমাৰ তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অৱতাৰ কুমাৰ তাঁতীক সভাপতি কিছমত কৰ্মকাৰক উপ-সভাপতি, সুবেন্দ্ৰ মুখাৰ্জীক সাধাৰণ সম্পাদক চমু গড়ক সহকাৰী সম্পাদক হিচাপে লৈ জিনজিয়া আঞ্চলিক সমিতি গঠন কৰা হয়।
সভাত সংগঠনটোৰ জিনজিয়া আঞ্চলিক সমিতিৰ অন্তৰ্গত ৰতোৱা, জিনজিয়া আৰু কলাপানী শাখা সমিতি তিনিখনো গঠন কৰা হয়। সভাত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱা, বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰ দাস উপস্থিত থাকে।