
ডিব্ৰুগড়ঃ অহা ১৯ আৰু ২০ আগষ্টত কাজিৰঙাত অনুষ্ঠিত হ’ব টাই আহোম য়ুথ ফৰামৰ এখন সভা৷ জাতীয় পুঁজি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত হ’বলগীয়া সভাখন টাই আহোম য়ুথ ফৰামৰ গোলাঘাট জিলা সমিতিৰ কাজিৰঙা আঞ্চলিক সমিতিৰ সহযোগত কাজিৰঙাৰ হোটেল পাটকাইত অনুষ্ঠিত হ’ব।
ৰাজ্যৰ প্ৰতিখন জিলাৰ তাই আহোম অধ্যুষিত অঞ্চলৰ পৰা দুজনকৈ প্ৰতিনিধিয়ে সভাত অংশ গ্ৰহণ কৰিব৷ ফ'ৰামৰ সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈ আৰু সহকাৰী সম্পাদক অৰিন্দম বৰুৱাই ৰাইজৰ সহযোগ বিচাৰি ৬০০ বছৰ ৰাজত্ব কৰা, বৰ অসমৰ নিৰ্মাতা আহোম জনগোষ্ঠীৰ আজি পানীত হাঁহ নচৰা অৱস্থা হোৱা বুলি কয়৷
অৰ্থনৈতিকভাৱে আজি দূৰ্বল আহোম জনগোষ্ঠী, দুবেলা-দুমুঠি পেটৰ ভাতৰ বাবে জনগোষ্ঠীটোৰ একাংশ মানুহে দি হাজিৰা কৰিব লগা হোৱা বুলিও ক্ষোভ উজাৰে সহকাৰী সম্পাদক অৰিন্দমে৷ কেতিয়াবা জনগোষ্ঠীটোৰ যুৱকে বহিঃৰাজ্যতো কাম কৰিবলৈ গৈছে বুলিও ক্ষোভ প্ৰকাশ কৰে নেতাজনে।
তেওঁ কয় যে, জনগোষ্ঠীটো অৰ্থনৈতিকভাৱে শক্তিশালী নোহোৱাৰ বাবে এই দুৰৱস্থা হৈছে। জনগোষ্ঠীটোৰ নতুন প্ৰজন্মই যাতে অৰ্থৰ অভাৱত নিজৰ শিক্ষা, মেধা, প্ৰতিভাৰ অপচয় হবলৈ নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখি জনগোষ্ঠীটোৰ দৰিদ্ৰ লোকসকলক আৰ্থিকভাৱে সকাহ দিবৰ বাবে জাতীয় পুঁজি গঠনৰ চিন্তা-চৰ্চা কৰা হৈছে বুলি কয় নেতাগৰাকীয়ে৷
আনহাতে চৰকাৰে কেৱল ৰাজনৈতিকভাৱেহে জনগোষ্ঠীটোক ব্যৱহাৰ কৰি বাৰে বাৰে প্ৰতাৰিত কৰা বুলি কৈ অৰিন্দমে অৰ্থনৈতিকভাৱে শক্তিশালী নহ'লে অসমৰ কোনো খিলঞ্জীয়া জনগোষ্ঠীয়েই আগবাঢ়ি যাব নোৱাৰিম বুলি ক্ষোভ উজাৰে।
শিক্ষা-দীক্ষাৰে যুৱ প্ৰজন্মক আগুৱাই নিবৰ বাবে অহা ১৯ আৰু ২০ আগষ্টত জাতীয় পুঁজি গঠনৰ উদ্দেশ্য আলোচনা কৰা হ’ব বুলি কয়৷ ডিব্ৰুগড় জিলাৰ পৱিত্ৰ গগৈক সভাপতি আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পৰমানন্দ গগৈক সম্পাদক হিচাপে লৈ ফ'ৰামে গঠন কৰি দিয়া জাতীয় পুঁজি গঠনৰ তদৰ্থ সমিতিখন উক্ত সভাতে পূৰ্ণাংগ ৰপ দিয়া হ’ব৷