বাইহাটা চাৰিআলিঃ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ এখন জৰুৰী সভা অহা ৬ আগষ্টত কামৰূপ জিলাৰ চাংসাৰিৰ বালিকা বিদ্যাপীঠত অনুষ্ঠিত হ’ব৷

উক্ত সভাত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ উত্তৰ কামৰূপ জিলা সমিতি গঠনৰ লগতে জাতীয় জীৱনত প্ৰাণ আহুতি দিয়া শ্বহীদ পৰিয়ালৰ কৰ্মসংস্থাপন সম্পৰ্কে আলোচনা কৰা হ’ব বুলি সংগঠনটোৱে জানিবলৈ দিয়ে৷

দেওবাৰে দিনৰ ১০ বজাত অনুষ্ঠিত হ’বলগীয়া সভাত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া উপস্থিত থাকিব৷ সভাত কামৰূপ জিলাৰ সকলো প্ৰাক্তন অালফা সদস্যক উপস্থিতত থাকিবলৈ আহ্বান জনাইছে আহ্বায়ক মণ্ডলীয়ে।