মোৰাঝাৰঃ হোজাই জিলা পঞ্জীকৃত ফাৰ্মাচিষ্ট সকলৰ সংগঠন ফাৰ্মাচিষ্ট এছোচিয়েশ্যনৰ এখন সভা হোজাইৰ হাম হস্পিটেলৰ নিউলেণ্ড প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ সভাত সংগঠনটোৰ সভাপতি ৰিয়াজ উদ্দিন, সম্পাদক নচিম আহমেদ, মুখ্য উপদেষ্টা ড০ হবিবুৰ ৰহমান, জুবেৰ আহমেদ, মেহবুবা বেগম, মচৰুৰ আহমেদ, ৰেজাউল কৰিম আদি উপস্থিত থাকে৷

সভাত ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ ভাড়া দিয়া বন্ধ কৰা, জি এছ টিৰ জৰিয়তে ফাৰ্মাচিষ্টসকলে ঔষধৰ লেন-দেন কৰা আদি বিষয়ত আলোচনা কৰা হয়। পঞ্জীয়নকৃত ফাৰ্মাচিষ্টসকলে প্ৰধানমন্ত্ৰী জন ঔষধি যোজনাৰ জৰিয়তে দুখীয়া ৰাইজক সহায় কৰা আৰু অহা ২৫ চেপ্তেম্বৰ ত বিশ্ব ফাৰ্মাচী দিৱস হোজাই জিলাত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

'ৰান ফৰ ফাৰ্মাচী' শীৰ্ষক মাৰাথন দৌৰ প্ৰতিযোগিতাৰো আয়োজন কৰাৰ কথা উল্লেখ কৰে এছোচিয়েশ্যনে ৷ মাৰাথান দৌৰৰ বিজেতাক ১৫ হাজাৰ টকাৰে পুৰস্কৃত কৰিব বুলিও জানিবলৈ দিয়ে ফাৰ্মাচিষ্ট এছোচিয়েশ্যনে। সেইদিনা বিয়লি এখন ফাৰ্মাচী সজাগতা সভাৰ আয়োজন কৰি ঔষধৰ পাৰ্শ্বক্ৰিয়া, ব্যৱহাৰ আৰু ফাৰ্মাচিষ্টসকলৰ প্ৰয়োজনীয়তা সৰ্ম্পকে আলোচনা কৰা হ'ব।