ফিল'বাৰীঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰী কলেজত বুধবাৰে এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰী তথা সাহিত্য সভাৰ বিষয়-ববীয়াই উপস্থতি থাকে সভাত৷ ছাত্ৰ-ছাত্ৰীক অসম সাহিত্য সভাৰ অধিবেশনত স্বেচ্চাসেৱকৰ দায়িত্ব প্ৰদানৰ তথা প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে বিশেষ সজাগতা সভাখনৱ অনুষ্ঠিত হয়।

সভাখনত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিৱেশনৰ আদৰণী সমিতিৰ উপ-সভাপতি বৈকুন্ঠ সোণোৱালে। সভাত উপস্থিত থাকি ভাষণ আগবঢ়াই উদযাপন সমিতিৰ সম্পাদক ৰবীন মৰাণে। উল্লেখ্য যে অহা বৰ্ষৰ ১-৪ ফেব্ৰুৱাৰীলৈকে তিনিচুকীয়া জিলাৰ বৰডুমছা সমীপৰ বুঢ়ীদিহিঙত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ৭৪ তম পূৰ্ণাংগ অধিৱেশন।