ডিজিটেল ডেস্কঃ বিজেপি দলত এক মোক্ষম আঘাত হানিলে মেঘালয়ৰ পূৰ্বৰ মুখ্যমন্ত্ৰী মানস চৌধুৰীয়ে ৷ মেঘালয়ৰ বিধান সভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে বিজেপিৰ প্ৰতি মোহভংগ হৈ পদত্যাগ পত্ৰ দাখিল কৰে চৌধুৰীয়ে ৷

জানিব পৰা মতে, আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপি দলৰ হৈ টিকট নোপোৱাৰ বাবেই বিজেপি দলৰ পৰা পদত্যাগ কৰে ৷ কিন্তু সোমবাৰে শাসকীয় কংগ্ৰেছ দলে ঘোষণা কৰা নিৰ্বাচনী তালিকাত মানস চৌধুৰীৰ নাম দেখিবলৈ পোৱা যায় ৷ নিৰ্বাচনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব লগা আসনৰ অন্তিমখন তালিকাৰ তিনি নম্বৰত চৌধুৰীৰ নাম সন্নিৱিষ্ট কৰা হয় ৷

চৌধুৰীৰ মতে, বিজেপিৰ নিৰ্বাচনী সূচীৰ পৰা তেওঁৰ নাম আঁতৰাই ৰাখি ৰাজনৈতিক জীৱন সমাপ্ত কৰিব বিচৰা কাৰ্যই দলৰহে ক্ষতি কৰিব বুলি জানিবলৈ দিয়ে ৷ মেঘালয়ৰ বিধান সভা নিৰ্বাচনত চৌধুৰীয়ে কংগ্ৰেছৰ হৈ দক্ষিণ শ্বিলং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷

উল্লেখ্য যে,মানস চৌধুৰীয়ে নিৰ্বাচনত বিজেপি দলৰ হৈ দক্ষিণ শ্বিলং সমষ্টিৰ পৰা টিকটৰ দাবী কৰিছিল। কিন্তু দলে সেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে পূৰ্বৰ বিধান সভাৰ উপাধ্যক্ষ সনবুৰ শূলৰ নামহে তালিকাত প্ৰকাশ কৰে ৷ যাৰ বাবে চৌধুৰীয়ে ক্ষোভিত হৈ সোমবাৰে পদত্যাগ পত্ৰ দাখিল কৰি চিধাই কংগ্ৰেছৰ হাতত ধৰে ৷