
newsnextone.com | যোৰহাটঃ অাজি যোৰহাটৰ জয়া ভৱনত অাহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ পৰিনাতি ৰাজকুমাৰ অজিত নাৰায়ণ সিংহৰ বান-ফী অাৰু স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হৈ যায়।
টাই অাহোম সংস্কৃতি সংৰক্ষণ অাৰু শিক্ষা বিকাশ সমিতি (টাইচাব), অাটাছুৰ যোৰহাট জিলা সমিতি অাৰু শুভাকাংক্ষীসকলৰ উদ্যোগত অায়োজিত অনুষ্ঠানত ৰাজকুমাৰ অজিত নাৰায়ণ সিংহৰ ভাতৃ ৰাজকুমাৰ অালোক নাৰায়ণ সিংহ, সাংবাদিক অংকুৰ বৰগোঁহাই, অাটাছুৰ ৰাজীৱ গগৈ, টাইচাবৰ উপসভাপতি হেৰম্ব প্ৰসাদ ফুকন, সম্পাদক ধীৰেন্দ্ৰ কুমাৰ গগৈ, কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যাপক মুনীন্দ্ৰ কোঁৱৰ, জয়া জুনিয়ৰ কলেজৰ অধ্যক্ষ মণিৰাম লাহন, জয়া বিদ্যাপীঠ পৰিচালনা সমিতিৰ সভাপতি অৱনী চেতিয়া প্ৰমুখ্যে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি অজিত নাৰায়ণ সিংহই সমাজ জীৱনলৈ অাগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে।