নগাঁওঃ নগাঁৱৰ বিশিষ্ঠ সাংবাদিক তথা 'কলংপাৰ' কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক বলেন বৰাৰ এখনি স্মৃতিচাৰণ সভা আজি আপকুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত 'কলংপাৰ' কাকতৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয়৷

নগাঁও কলেজৰ অধ্যক্ষ শৰৎ বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনিত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়, অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, আপকুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য, শিক্ষাবিদ মুকুল শইকীয়া, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰা, প্ৰাক্তন জনসংযোগ বিষয়া গুৰমাইল সিং, সদৌ অসম গ্ৰাম্য পুথিভৰাঁল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক পদুম ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাকে প্ৰমুখ্য কৰি বহকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত সাংবাদিকগৰাকীৰ কৰ্মৰাজি আৰু জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰে৷

জ্যেষ্ঠ সাংবাদিক মুনিন্দ্ৰ শইকীয়াই আঁত ধৰা উক্ত সভাতে বিশিষ্ট সাংবাদিকগৰাকীৰ সোঁৱৰণত প্ৰকাশ কৰি উলিওৱা 'বলেন বৰালৈ শ্ৰদ্ধাৰ্ঘ্য' শীৰ্ষক স্মৃতিগ্ৰন্থখনিৰ লগতে 'কলংপাৰ' কাকতৰ সম্পাদকবিহীন বিশেষ সংখ্যাটি উন্মোচন কৰা হয়৷ উক্ত স্মৃতিচাৰণ অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰেছ ক্লাৱৰ সাংবাদিকসকলৰ লগতে প্ৰায় দুই শতাধিক গুণমুগ্ধ উপস্থিত থাকে৷ সভাৰ পূৰ্বে সদ্য প্ৰয়াত সাংবাদিক বলেন বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷