newsnextone.com | বিলাসীপাৰাঃ সমগ্ৰ দেশৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত সোমবাৰে  নয়াহাট ৰাজীৱ ভৱনত ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৪তম জন্ম জয়ন্তী উপলক্ষে সদ্ভাৱনাযাত্রা কৰা হয়। 

ৰাতিপুৱা ৯ বজাত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰয়াত নেতাগৰাকীক মাল্যৰ্পন কৰে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানে (আলকাছ)। 

বিয়লি ৩.০০ বজাত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছ কৰ্মী আৰু কংগ্ৰেছৰ বিভিন্ন পৰ্য্যায়ৰ কৰ্মী সকলৰ উপস্থিতিত যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানে বৃক্ষ ৰোপন কৰাৰ লগতে ৰাইজৰ মাজত এহেজাৰ গছ পুলি বিতৰণ কৰে।