গোগামুখঃ ধেমাজি চমৰাজান কেচুখনাপাৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সদৌ চুতীয়া জাতি সন্মিলনৰ সক্ৰিয় সদস্য পূৰ্ণকান্ত বৰাৰ আজি দেহাৱসান ঘটে৷ চমৰাজানৰ সৰবৰহী ব্যক্তিগৰাকী দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত অাক্ৰান্ত হৈ মৃত্যুৰ সতে যুজি আছিল যদিও আজি মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয়৷

পূৰ্ণকান্ত বৰাৰ মৃত্যুত ধেমাজি জিলাৰ চুতীয়া জাতিৰ ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰা লগতে পৰিয়ালৰ বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।