বিশ্বনাথ চাৰিআলিঃ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এম জি কে ভানুৱে আজি বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে কথোপকথন কৰি আৱেগিক হৈ পৰে৷

ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সংস্থাপনৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ পৰামৰ্শ আগবঢ়ায়৷ বিশ্বনাথ মহাবিদ্যালয়ত উপস্থিত হৈ অতিৰিক্ত মুখ্য সচিব এম জি কে ভানুৱে মহাবিদ্যালয়খনৰ এটি সভাকক্ষ উদ্বোধন কৰে৷

মহাবিদ্যালয়খনত উপস্থিত হৈ ৰাজ্যৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়াগৰাকীয়ে আন্তঃগাঠনিৰো বুজ লয়। বিশ্বনাথৰ উপায়ুক্ত, বিশ্বনাথ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকা, বৰ্তমানৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত থাকে অতিৰিক্ত মুখ্য সচিবগৰাকীৰ সৈতে।

অনুষ্ঠানত অংশ গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মূখ্য সচিবগৰাকীয়ে মুখামুখি হৈ মনৰ ভাৱ আদান-প্ৰদান কৰে৷ ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যত পৰিকল্পনা স্থিৰ কৰি একাগ্ৰতাৰে আগুৱাই যাবলৈ পৰামৰ্শ আগবঢ়াই ভানুৱে। মহাবিদ্যালয়খনৰ আন্তঃগাথনি উন্নয়নত সহায় কৰাৰো আশ্বাস প্ৰদান কৰে।