
দলংঘাটঃ দৰং জিলাৰ কলাইগাঁৱ বিধান সভা সমষ্টিৰ ভুড়াৰগড় গাওঁ পঞ্চায়ত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উঠিছে। দৰং জিলাৰ কলাইগাঁৱ বিধান সভা সমষ্টিৰ ভুড়াৰগড় গাওঁ পঞ্চায়তৰ অৰ্ন্তগত ঝাকুৱাপাৰা এটি গুৰুত্বপূৰ্ণ পথ এমজিএনেৰেগাৰ অধীনত নিৰ্মাণ আৰম্ভ হৈছিল।
২০১৬ বৰ্ষতে মঙলদৈ মাজিকোছি পথৰ পৰা গৰুবন্ধা গোমঠা পথ সংযোগী পথটোৰ লগত সংযোগী উক্ত পথছোৱাক কাম অজ্ঞাত কাৰণত আধৰুৱা কৰে। পথছোৱাৰে বৰ্তমান যাতায়তৰ প্ৰতিকূল হৈ পৰিছে।
পথটোৰ আবন্টিত ধন খিনি বিষয়া-কৰ্মচাৰীয়ে আত্মসাৎ কৰি পথছোৱাৰ এনে অৱস্থা কৰি থোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। উপায়ুক্ত, উচ্চ বিষয়াৰ হস্তক্ষেপ বিছাৰিছে ৰাইজে।