
নগাঁওঃ নগাঁও জিলাত হাজাৰ হাজাৰ লোকে এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে৷ এটুপি পানী, খাদ্য, বৰষুণৰ টোপালৰ পৰা ৰক্ষা পাবলৈ এখন ছালিৰ অভাৱত কেৱল এতিয়া হাহাকাৰ আৰু হাহাকাৰ৷ কেচুৱা কোলাত লৈ চকুলো টুকিছে বহু মাতৃয়ে৷ সপোনৰ ঘৰখনৰ এপদ সামগ্ৰীও উলিয়াই আনিব নোৱাৰা বেদনাৰ কথা কাক ক’ব নগঞাই৷ চৰকাৰে বেদনাৰ কথা বুজা হ’লে হয়তো এনে পৰিস্থিতিৰ উদ্ভৱেই নহ’লহেতেন।
২৪ ঘন্টা পূৰ্বে হাঁহি-ধেমালিৰে ভৰি থকা একো একোখন ঘৰ এতিয়া পানীৰ তলত৷ সুখেৰে থকা লোকবোৰৰ এতিয়া বুকুত হেৰুৱাৰ বেদনা৷ পোহনীয়া জীৱ-জন্তু সকলো বানত উটি গ’ল৷ সন্তানৰ কাপোৰ, কিতাপ-পত্ৰ, কাহি-বাটি-চৰু সকলো বানে লৈ গ’ল নগঞাৰ৷ ভাবিলে যেন আচৰিত লাগে৷ ২৪ ঘন্টা পূৰ্বে কি আছিল আৰু এতিয়া কি হ’ল৷ সৰু বৰ গাড়ী পানীৰ তলত৷ ওখ ঠাইৰ অভাৱত সতি-সন্তান লৈ বিপাঙত পৰিছে হাজাৰ হাজাৰ লোক৷
বহু ৰুগীয়া লোক মুক্ত আকাশৰ তলত৷ বৰষুণত তিতি যুঁজ দিছে মৃত্যুৰে৷ কোনেও ভবা নাছিল আৰু কোনেও সাজু নাছিল এনে এক প্ৰাকৃতিক দুৰ্যোগৰ বাবে৷ নগাঁও জিলা বিশেষকৈ কলিয়াবৰ এতিয়া ভয়াৱহ বানৰ কবলত। ১৯৭২ চনৰ পিছত ভয়াৱহ বানৰ কবলত পৰিছে মহকুমাটো৷ কলং নৈৰ কলিয়াবৰৰ বৰঘোপ পাহাৰৰ পৰা হাতীমূৰালৈকে থকা মথাউৰিটো ছিঙি নিয়াৰ ফলত সমগ্ৰ অঞ্চলটোত জলপ্ৰলয়ে দেখা দিয়ে।
তেতিয়া সকলোৱে নিশাৰ আহাৰ গ্ৰহণ কৰি শুই আছিল৷ বহু লোকে গমেই পোৱা নাছিল তেওঁলোকৰ বিছনাত আহি পানী লাগিছে৷ নিশা প্ৰায় ২ বজাত চিঞৰ-বাখৰ লাগে৷ যিয়ে যেনেকৈ পাৰে ওখ ঠাইলৈ ঢাপলি মেলে৷ আজি তেওঁলোকে একো বৰ্ণনা কৰিব নোৱাৰে৷ নিশাৰ ঘটনা বৰ্ণনা কৰিলে গাৰ নোম শিয়ৰি উঠে বহু নগঞাৰ৷ কিয়নো শান্ত-সমাহিত নৈৰ এনে কালৰূপৰ সৈতে মুখামুখি হ’বলগীয়া হৈছে সুদীৰ্ঘ সময়ৰ অন্ত।
হাতীমূৰা মথাউৰিটো শনিবাৰে নিশা প্ৰায় ২ বজাত উটুৱাই নি ৰণচণ্ডী ৰূপ ধাৰণ কৰে মৰা কলঙে৷ ৩খনকৈ পকী দলং জাহ যায় কলঙৰ বুকুত। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথো পানীৰ তলত। যাতায়ত ব্যাহত হৈছে¸ উজনি-নামনিৰ। পানীৰে উপচি পৰিছে চিকিৎসালয়, বিদ্যালয়-মহাবিদ্যালয়, আৰক্ষী থানা।
পৰিস্থিতিৰ ভয়াৱহতা দেখি হাই এৰ্লাট জাৰি কৰিছে প্ৰশাসনে। চাৰিওফালে হাহাকাৰ পৰিৱেশ। বিদ্যুৎ সেৱা, মোবাইল সেৱা সকলো বন্ধ কৰি দিয়া হৈছে। জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টি কলিয়াবৰতে এই চৰম দুৰ্যোগ। পুৱতি নিশাই মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় যদিও প্ৰশাসনে একো কৰিব পৰা নাই ৰাইজৰ বাবে৷
কিয়নো প্ৰশাসন এনে দুৰ্যোগৰ মুখামুখি হ’ব লাগিব বুলি কেতিয়াও ভবাই নাছিল৷ তথাপিও প্ৰশাসনে সকলো চেষ্টা অব্যাহত ৰাখিছে সহায় কৰাৰ বাবে৷ ইতিমধ্যে প্ৰায়বোৰ ঘৰ-দুৱাৰ পানীৰ তলত ডুব যোৱাৰ লগতে নষ্ট হৈছে বহু হেক্টৰ কৃষিভূমি।
প্ৰশাসনে ৰাইজক আতংকিত নহৈ পৰৱৰ্তী সময়ৰ বাবে সাহসৰে সাজু হ’বলৈ কোৱাৰ লগতে যাৱতীয় সামগ্ৰীসমূহ সাৱধানেৰে ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ঠায়ে ঠায়ে দুৰ্যোগ ব্যৱস্থাপনা বাহিনী আৰু সেনাই উদ্ধাৰ অভিযান চলাই গৈছে। ইফালে বৰ্তমানো বৰষুণ অব্যাহত থকা প্ৰশাসনে নিৰ্ভয় বাণী শুনালেও পৰিস্থিতি আৰু ভয়ংকৰ হোৱা আশংকা কৰিছে সৰ্বসাধাৰণে।