বাঘবৰঃ ৰাইজে সাজিলে বাহৰ ৰং-চঙীয়া দলং৷ বৰপেটা জিলাৰ বাঘবৰৰ মিলিজুলিত ৰাইজে ক্ষোভেৰে সাজিলে এই ব্যতিক্ৰমী বাহৰ দলংখন। ৰাইজে গাঁঠিৰ ধন ভাঙি দুয়োকাষে ৰেলিং দি সাজিলে দলংখন। 

দীৰ্ঘ দিনে চৰকাৰ তথা বিধায়ক শ্বেৰমান আলীয়ে দলং খন নিৰ্মাণত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তোলা বাঘবৰৰ মিলিজুলি ৰাইজে নিজৰ ধন খৰচৰ কৰি তথা ঘৰে ঘৰে বাঁহ তুলি নিৰ্মাণ কৰা দলংখনৰ দুয়োকাষে ৰেলিং দি চুণ-তেল সানি চালে চকুৰোৱা কৰি তোলে। 

উল্লেখ্য যে, বাঘবৰৰ মৰাবাজৰ পৰা মন্দিয়া হৈ জিলা সদৰ বৰপেটা লৈ যোৱা এক মাত্ৰ পথটোত দলং নথকাৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি সন্মুখীন হৈ আহিছে ৰাইজ৷ সেয়ে বানৰ মাজতো ৰাইজে মিলিজুলি দলং নিৰ্মাণ কৰি সাৰ্থক কৰে মিলিজুলি অঞ্চলৰ নাম।