09
Jul
2017

ওদালগুৰিঃ ওদালগুৰি আৰক্ষীয়ে শুকুৰবাৰে চলোৱা অভিযানত জিলাখনৰ গেংদালংগা গাঁৱৰ পৰা এটা বন্দুক, দুটা পিষ্টল উদ্ধাৰৰ লগতে মাজবাটৰ পৰা এজন এন এফ এফ বি কেডাৰক আটক কৰে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে শুকুৰবাৰে নিশা ওদালগুৰিৰ গেংদালংগা গাঁৱৰ বকুল বড়োৰ ঘৰত সেনা-আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই তেওঁৰ ঘৰৰ পৰা এটা বন্দুক উদ্ধাৰ কৰে।
আনহাতে নিশাই সেনা-আৰক্ষীয়ে যুতীয়া অভিযান চলাই মাজবাট এলেকাটোৰ পৰা প'নী ওৰফে লম্বু নামৰ এজন এন এফ এফ বি নামৰ নতুনকৈ জন্ম লাভ কৰা সশস্ত্ৰ সংগঠনৰ দুধৰ্ষ কেডাৰৰ লগতে দুটাকৈ দেশীয় পিষ্টল উদ্ধাৰ কৰে।
উল্লেখ্য যে বিগত মাহটোত ওদালগুৰিৰ হৰিশিঙাৰ পৰা তিনিজনকৈ এন এফ এফ বি নামৰ নতুনকৈ জন্ম লাভ কৰা সশস্ত্ৰ সংগঠনৰ দুধৰ্ষ কেডাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল।