06
May
2018

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ চপিয়ান জিলাত সেনাই চলোৱা অভিযানৰ সময়ত দেওবাৰে হোৱা সংঘৰ্ষত পাঁচজনকৈ উগ্ৰপন্থীৰ মৃত্যু হৈছে। জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধানে এএনআইক দিয়া খবৰ অনুযায়ী দুগৰাকী সেনা জোৱান অভিযানৰ সময়ত আহত হৈছে।
জম্মু-কাশ্মীৰৰ দক্ষিণ প্ৰান্তৰ জাইনাপোৰা এলেকাৰ বাদিগাম গাঁৱত উগ্ৰপন্থী ঘাটীৰ সুংসূত্ৰ বিচাৰি চলোৱা অভিযান চলোৱাৰ সময়তে অতৰ্কিতে এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে। উগ্ৰপন্থীৰ গুলিচালনাৰ প্ৰত্যুত্তৰত সেনাই গুলিচালনা কৰিবলৈ বাধ্য হৈ পৰে বুলি সেনাবিষয়া এগৰাকীয়ে সংবাদমাধ্যমক জনাইছে।
ইয়াৰ পূৰ্বে উগ্ৰপন্থীৰ আত্মসমৰ্পন কৰাৰ বাবে স্থানীয় আৰক্ষীয়ে আহ্বান জনোৱা বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষক শৈলেন্দ্ৰ মিশ্ৰাই এএনআইক জানিবলৈ দিছিল।