newsnextone.com | নগাওঁঃ অসম মাতৃক বিশ্বৰ বুকুত জিলিকাই তুলিবলৈ সক্ষম হোৱা দৌৰবিদ হিমা দাস সুদীৰ্ঘ ৯ মাহৰ মূৰকত শনিবাৰে নিজ গৃহ উপস্থিত হয়। শনিবাৰ নগাঁৱৰ পৰা ধিং পোৱাৰ পিছতে বিভিন্ন লোকে ধিং-কান্ধুলীমাৰী পথত হিমাক সম্বৰ্ধনা যাচে৷ নিজৰ গাঁৱলৈ যোৱাৰ পথত ধিং প্ৰেছ ক্লাৱ, ধিং আছু আৰু ধিং আউনীআটী শাখা সত্ৰকে ধৰি বিভিন্ন দল-সংগঠনে হিমাক উষ্ম আদৰণি জনায়। 

সুদীৰ্ঘ পথছোৱা শতাধিক সৰু-বৰ বাহনে আদৰি আনি হিমা জিন্দাবাদ শ্ল'গানৰে সমগ্ৰ অঞ্চল মুখৰিত কৰি তুলাৰ লগতে ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। পদূলিৰ মূৰকত মাতৃ আৰু পৰিয়াল স্বজনে ধূপ-ধূণা লগাই আদৰি নিয়াৰ দৃশ্য আছিল অতি আকৰ্ষণীয়। দীৰ্ঘদিনৰ মূৰত হিমাক চাবলৈ হিমাৰ ঘৰত উপস্থিত হয় অগণন শুভাকাংক্ষী। হিমাৰ লগত আহে তেওঁৰ দুই প্ৰশিক্ষক নিপন দাস আৰু নৱজিৎ মালাকাৰ। দুয়োৰে আশা এছিয়ান গেমছত পদক আজুৰি আনিবলৈ সক্ষম হ’ব হিমা দাস।

তাৰ মাজতে দেওবাৰে নগঞা মন্ত্ৰী কেশৱ মহন্তই ধিঙৰ কান্দুলীমাৰী গাঁৱত উপস্থিত হৈ সম্বৰ্ধনা যাচে হিমাক৷ নগাঁৱৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে হিমাৰ ঘৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে অসম কন্যা হিমা দাসক জাকাৰ্টত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ অনুশীলনৰ বাবে ১ লাখ টকাৰ অনুদান আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে উজ্বল ভৱিষ্যতৰ কামনা কৰি অসমলৈয়ে নহয় সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে৷

উল্লেখ্য যে, গুৱাহাটী সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক প্ৰতিযোগিতাত দুটাকৈ স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হয় হিমাই। যাকলৈ হিমাই গৌৰৱ বোধ কৰাৰ লগতে নিজকে ধন্য মানে। একে মুখে আনন্দিত হৈ পৰিছে পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাস। দুদিন পূৰ্বে অনুষ্ঠিত দুশ মিটাৰ দৌৰত হিমাই ২৩.১০ ছেকেণ্ডত আৰু চাৰিশ মিটাৰত ৫১.১৩ ছেকেণ্ডত দৌৰ সামৰি পদক জয়ৰে এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে। ইণ্ডিয়ান এথলেটিক ফেডাৰেচনে তেওঁক লৈ যি সপোন দেখিছে তাক বাস্তৱত ৰূপ দিবলৈ অহা ৭ এপ্ৰিলত তেওঁ ফিনলেণ্ড অভিমুখে উৰামাৰিব অনুৰ্ধ-২০ ম্পিয়নশ্বিপৰ বাবে। তাৰ পিছত এছিয়ান গেমছৰ প্ৰস্তুতিৰ বাবে যাব ইউক্ৰেইন আৰু তাৰ পিছত এছিয়ান গেমচত ভাৰতক প্ৰতিনিধিত্ব কৰিব জাকাৰ্তাত৷