
newsnextone.com | অভয়াপুৰীঃ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই শনিবাৰে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মোহনপুৰত ৩২ কোটি টকাৰে নিৰ্মাণ হৈ থকা গৰাখহনীয়া ৰোধ আঁচনি পৰিদৰ্শন কৰে৷ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ সমীপৰ পাছনীয়া প্ৰথম খণ্ডৰ মোহনপুৰত ব্ৰহ্মপুত্ৰ নদী আৰু মৰামানাহ নৈৰ গৰা খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে আৱণ্টন দিয়া প্ৰায় ৩২ কোটি টকাৰে নিৰ্মাণ হৈ থকা গৰাখহনীয়া ৰোধ আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়৷
সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ হোৱাৰ পিছতে আঁচনি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে৷ পাৰ্কোপাইন নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱাৰ লগতে লেহেমিয়া গতিত আৰু নিম্ননমানৰ সামগ্ৰীৰে আঁচনিৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছিল৷
তাৰ পিছতে আঁচনি পৰ্যবেক্ষণ কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তৰই যোগীঘোপাত উপস্থিত হৈ তদন্ত কৰা হ’ব বুলি কয়৷ দোষী বিষয়া-কৰ্মচাৰী, ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে৷ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি আঁচনি খন ৰূপায়নৰ ক্ষেত্ৰত যদি কোনো অনিয়ম সংঘটিত হৈছে তেন্তে তদন্ত কৰি জলসম্পদ বিভাগৰ দোষী বিষয়া-কৰ্মচাৰী, ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
উল্লেখ্য যে, ২০১৪-১৫, ২০১৫-১৬, ২০১৬-১৭, ২০১৭-১৮ বিত্তীয় বৰ্ষত নৈৰ খহনীয়া ৰোধৰ নামত চৰাকৰে সৰ্বমুঠ প্ৰায় ৩২ কোটি টকা আৱণ্টন দিছিল৷ যদিও ইয়াৰ নামমাত্ৰ টকা খৰছ কৰি সিংহভাগেই ঠিকাদাৰ, বিষয়া-কৰ্মচাৰীয়ে আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হয়৷
আঁচনিখন একপ্ৰকাৰ ধন ঘটনাৰ মাধ্যম হৈ পৰাত ৰাজ নাৰাজ হৈ পৰিছিল৷ জলসম্পদ বিভাগৰ ধুবুৰী সংমণ্ডলৰ অধিনৰ আঁচনি খন নৈৰ উজনি দিশত নিৰ্মাণ কৰাৰ সলনি ভটিয়নি দিশত অবিজ্ঞানসন্মত ভাবে নিৰ্মাণ কৰাৰো অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে।