প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

কাজিৰঙাঃ অসমৰ সৰ্ব প্ৰকাৰৰ ৰাইজৰ জনমতক উপেক্ষা কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ পাছৰে পৰা ৰাজ্য উত্তাল হৈ পৰিছে৷

ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে৷ দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰিব খোজা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ৰাজ্যৰ পুৰোধা ব্যক্তি সকলৰ নামত মহাবিদ্যালয় স্থাপনৰ দাবী জনাই আহিছে৷

ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ জনাই অহাৰ সময়তে "মই টকা দিম, মই কলেজ সাজিম, মই কলেজ চলাম, গতিকে কলেজৰ নামো মোৰ ইচ্ছা মতেই হ'ব" বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে৷

কেৱল ইমানে নহয় বুদ্ধীজিৱী ড০ হীৰেন গোঁহাইক তুচ্ছ-তাচ্ছিল্য কৰে মন্ত্ৰীগৰাকীয়ে৷ বুদ্ধীজিৱী নহয় বৌদ্ধিক দীনতাৰ সৃষ্টি কৰা বুলি কয় মন্ত্ৰী হিমন্তই৷ হিমন্তই বিশিষ্ট নাগৰিকগৰাকীক এনেদৰে উপলুঙা কৰাত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

তাৰ মাজতে আজি হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিত কঁপিল উঠিল গোলাঘাট জিলাৰ কাজিৰঙাৰ ৰাজপথ৷ ড০ হীৰেন গোহাঁইক লৈ মন্ত্ৰী হিমন্তই কৰা কটু মন্তব্যৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদে ৰাজ পথলৈ ওলাই আহি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে দীনদয়াল নামত কোনো কাৰণতে মহাবিদ্যালয় স্থাপন কৰাটো কেতিয়াও মানি লোৱা নহব বুলি কৈ অন্যথাই জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে৷