
বিহালীঃ বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বৰগাঁঙত আজি অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই এটি অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱা কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷
দিনৰ প্ৰায় ১০-৩০ বজাত অনুষ্ঠিত এখন সভাৰ জৰিয়তে অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱা বিভাগৰ সঞ্চালক প্ৰধান এ পি ৰাৱটৰ উপস্থিতিত মন্ত্ৰী ৰঞ্জিত দত্তই এটি অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱা কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷
অচিৰেই ৰাজ্যত আৰু এনে ২৯টা সেৱা কেন্দ্ৰ মুকলি কৰা হ'ব বুলি উল্লেখ কৰে অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱা বিভাগৰ সঞ্চালক প্ৰধান এ পি ৰাৱটে৷ আনহাতে, এই সভাতে বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ পৰাই ব্ৰহ্মপুত্ৰ নদী খনন কাৰ্য আৰম্ভ হ'ব বুলি কয়৷ দিনৰ প্ৰায় ২ বজাত বিহালীৰ জিনজিয়াত গড়কাপ্তানী বিভাগৰ এক আবৰ্ত ভৱনো আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰীগৰাকীয়ে