গৌৰীসাগৰঃ বহু পলমকৈ হ'লেও আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাসহ কেইবাগৰাকী বিধায়কে বান বিধ্বস্ত শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চল পৰিদৰ্শন কৰে৷

বানৰ কবলত পৰি বিস্তৰ ক্ষতি সাধন হয় দিখৌমুখ অঞ্চলৰ৷ বহু পলমকৈ হ'লেও আজি বান পৰিস্থিতিৰ বুজ লয় অগপৰ স্থানীয় বিধায়ক প্রদীপ হাজৰিকা, কৃষি মন্ত্রী অতুল বৰা, বিজেপিৰ বিধায়ক কুশল দুৱৰী, তপন গগৈ আৰু শিৱসাগৰ জিলাৰ বিজেপি সভাপতি ভবেন্দ্রনাথ মোহনে৷

বানে ধোৱা দিখৌমুখত পুৰ্বতকৈ বানৰ প্রভাৱ কম যদিও দুৰ্বল মথাউৰি আৰু আধৰুৱা হৈ ৰোৱা মথাউৰিৰ বাবে দিখৌমুখৰ জনসাধাৰণৰ চকুত টোপনি নোহোৱা হৈছিল৷

বানৰ সময়ত স্থানীয় বিধায়ক প্রদীপ হাজৰিকা আৰু বিজেপিৰ বিষয়-ববীয়াসকলে বান পৰিস্থিতিৰ বুজ লৈ আছিল যদিও যাতায়াতৰ ক্ষেত্ৰত সমস্যাত পৰিছিল অঞ্চলটোৰ লোকসকল৷ মন্ত্ৰী-বিধায়কৰ দলটোৰ সৈতে জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰৰ লগতে ৰাজহ চক্র বিষয়া তপন গোহাঁয়ো উপস্থিত থাকে৷