
www.newsnextone.com| তেজপুৰঃ তেজপুৰ মহাভৈৰৱ হৰিসভা দূৰ্গাপূজা মণ্ডপত মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷ কাজিৰঙাৰ পৰা গুৱাহাটী অভিমুখে অহাৰ পথত বন-পৰিৱেশ, মীন তথা আৱকাৰী বিভাগৰ মন্ত্ৰী গৰাকী শুক্ৰবাৰে নিশা ৯ বজাত উপস্থিত হয় তেজপুৰত৷ তেজপুৰৰ হৰিসভা সমিতিয়ে এইবাৰ ৭৫ বছৰত ভৰি দিয়া উপলক্ষে পূজা সমিতিয়ে নিমন্ত্ৰণ জনাইছিল মন্ত্ৰী গৰাকীক আৰু পূজা সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি এনেদৰে নিশা তেজপুৰৰ হৰিসভা পূজা মণ্ডপত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷
পূজা সমিতিৰ উষ্ম আদৰণি গ্ৰহণ কৰি মন্ত্ৰী শুক্লবৈদ্যই তেজপুৰৰ ৭৫ বছৰীয়া হৰিসভা পূজা মণ্ডপত উপস্থিত হ’বলৈ পাই নিজকে সুখী বুলি ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে৷
আনহাতে, অতীতৰ গাঁৱৰ পূজাৰ স্মৃতি ৰোমন্ঠন কৰি এইবেলিও শাৰদীয় দুৰ্গোৎসৱ গাঁও আৰু সমষ্টিতে কটাব বুলি উল্লেখ কৰে৷
ইফালে বলি-বিধানৰ প্ৰসংগত মন্ত্ৰী শুক্লবৈদ্যই কয়- "মই সৰুৰে পৰা বহু পূজা দেখিলো৷ কিন্তু বলি-বিধান দেখা নাই৷ বলি-বিধান হোৱাটো মই নিবিচাৰোঁ৷ দূৰ্গামাই যিহেতু শান্তি বিচাৰে, গতিকে বলি-বিধানৰ প্ৰসংগ আহিব নোৱাৰে৷"
আনহাতে, সুৰাপায়ী সকলক সাৱধানবাণী শুনালে আৱকাৰী মন্ত্ৰী গৰাকীয়ে৷ পূজাৰ বতৰত সুৰাৰ বিপনী বন্ধ নাথাকে যদিও প্ৰয়োজন সাপেক্ষে জিলা প্ৰশাসনে সুৰাৰ বিপনী বন্ধ ৰাখিব পাৰিব বুলি উল্লেখ কৰি পূজাৰ বতৰত মদ খাই মাতলামি কৰা সকলক আৰক্ষীয়ে আটক কৰি পোনে-পোনে জেললৈ প্ৰেৰণ কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে৷