ওদালগুৰিঃ তেজপুৰৰ বিতৰ্কিত সাংসদ আৰপি শৰ্মাক উভতি ধৰিলে মন্ত্ৰী ৰিহন দৈমাৰীয়ে৷ মন্ত্ৰী ৰিহনে সস্তীয়া প্ৰচাৰ তথা TRPৰ বাবে সংবাদ মাধ্যমৰ আগত যি কোনো ভাষ্য প্ৰদান কৰে বুলে গুৰুতৰ অভিযোগ উত্থাপন কৰে বিজেপি সাংসদ আৰপি শৰ্মাৰ বিৰুদ্ধে। 

তেওঁ মূল স্থান পৰিদৰ্শন কৰাৰ পৰিবৰ্তে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি মন্তব্য প্ৰদান কৰে। সেয়েহে তেওঁ মূল স্থানসমূহ পৰিদৰ্শন কৰা উচিত। তেওঁ পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত এই সম্বন্ধে নিমাত আছিল কিয় আছিল বুলিও কয় ৰিহনে? 

উল্লেখ্য যে, ১৭ মাৰ্চত বিজেপি সাংসদগৰাকীয়ে ৰাজ্যৰ বিভিন্ন বিভাগসমূহৰ ভিতৰত জনস্বাস্থ্য কাৰিকৰী আৰু জলসিঞ্চন বিভাগটো উন্নয়ণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি কয়। বিজেপি সাংসদগৰাকী এই মন্তব্যক উভতি ধৰি ৰিহন দৈমাৰীয়ে TRPৰ বাবে সংবাদ মাধ্যমৰ আগত যি কোনো ভাষ্য প্ৰদান কৰে বুলে গুৰুতৰ অভিযোগ উত্থাপন কৰে বিজেপি সাংসদ আৰপি শৰ্মাৰ বিৰুদ্ধে৷

জনস্বাস্থ্য কাৰিকৰী তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগসমূহৰ সৈতে হোৱা উন্নয়ণৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত এই ভাষ্য প্ৰদান কৰে। 

কোনো ধৰণৰ পৰ্যালোচনা নকৰাকৈ এইবোৰ মন্তব্য কৰা বাদ দিয়ক বুলিও কয় সাংসদ শৰ্মাক। তেও প্ৰকৃত স্থানসমূহ ভ্ৰমণ কৰি এই সন্দৰ্ভে জ্ঞাত হওঁক। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বৰ চৰকাৰৰ দিনত বহুতো আঁচনি বন্ধপ্ৰায় অৱস্থালৈ গতি কৰিছিল যদিত এতিয়া সেই আঁচনিবোৰ পুনৰ কাৰ্যক্ষম কৰা হৈছে। সেয়েহে সাংসদগৰাকীক এনে ভুল তথ্য নিদিবলৈ আহ্বান জনায়।