Friends of the River
Friends of the River

নগাঁওঃ নগাঁৱৰ বেবেজীয়া আৰক্ষী পহৰা চকীৰ অন্তৰ্গত দক্ষিণপাটত শোকাৱহ ঘটনা সংঘটিত হয়৷ আজি দিনৰ ভাগত মাছ মাৰিবলৈ গৈ এটি কিশোৰৰ সলিল সমাধি ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰে৷

জানিব পৰা মতে, নগাঁও জিলাৰ দক্ষিণপাটৰ প্ৰফুল্ল দাসৰ ১৭ বছৰীয়া পুত্ৰ পলজিৎ দাসে কলং নৈত মাছ মাৰিবলৈ গৈছিল৷ কিন্তু মাছ মাৰি থাকোতে অসাৱধানবশতঃ ভৰি পিছলি কলং নৈত পৰাত কিশোৰটোৱে অকাল মৃত্যুক সাৱটি লয়৷

ঘটনাৰ খবৰ পাই বেবেজীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ অতি দৰিদ্ৰ পৰিয়ালৰ এই কিশোৰটোৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷