
newsnextone.com | গুৱাহাটীঃ ৰাজ্যত সঘনাই নাৰীজনিত অপৰাধ সংঘটিত হৈ আহিছে৷ হত্যা, ধৰ্ষণ, অপহৰণৰ সংঘটিত হৈ থকাৰ সময়তে শিৱসাগৰ জিলাৰ নামতি কৰুণাসাগৰ ৰজাবাৰী গাঁৱৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নামতিৰ চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে স্কুলৰ পৰা ঘৰলৈ গৈ থকাৰ অৱস্থাত খৰিকটিয়া আলিৰ ৰেল ক্রচিংৰ সমীপত দুৰ্বৃত্তই অপহৰণৰ চেষ্টা কৰে।
এখন মাৰুতী ভানত অহা দুৰ্বৃত্তই ছাত্ৰীগৰাকীক মাতৃৰ কথা কৈ গাড়ীত উঠাই নিয়াৰ চেষ্টা চলায়। ছাত্ৰীগৰাকীয়ে ভয়ত নিজকে ৰক্ষা কৰিব বিচাৰে যদিও টানি নি গাড়ীত উঠাব খোজেতেই সাহসী ছাত্রীগৰাকীয়ে দুৰ্বৃত্তৰ কৱলৰ পৰা দৌৰ মাৰি নিজকে ৰক্ষা কৰে আৰু এখন দোকানত আশ্ৰয় লয়৷ দোকানীজনক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। দোকানীজনক বাহিৰলৈ ওলাই অহাৰ সময়তে দুৰ্বৃত্তই পলায়ন কৰে।
উল্লেখ্য যে, ছাত্ৰীগৰাকীৰ মাতৃ বিগত তিনিমাহ ধৰি নিৰুদ্দেশ হৈ আছে। নিৰুদ্দিষ্ট মাতৃগৰাকীৰ সৈতে কন্যাক যোগাযোগ কৰি দিব খোজা লোকগৰাকী একেটা এলেকাৰ ৰুবুল আলী বুলি পৰিয়ালে কব খোজে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত নামতি আৰক্ষী থানাত ৰুবুল আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰ ভিত্তিত ১২/১০১৮ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে। নামতি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, এজাহাৰৰ ভিত্তিত ৰুবুল আলীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৪১/৩৬৬/৫১১ ধৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত আছে। ইফালে, একাংশ সচেতন ৰাইজে নামতি আৰক্ষীয়ে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে গণতান্ত্রিক আন্দোলন কৰাৰ হুংকাৰ দিয়ে৷