
বাইহাটা চাৰিআলিঃ দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বৰপথাৰৰ এগৰাকী কিশোৰী যোৱা ১৮ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বাইহাটা চাৰিআলিৰ বেজেৰাৰ পৰা নিৰুদ্দেশ হৈ আছে কিশোৰীগৰাকীয়ে৷ কিশোৰীগৰাকীৰ পিতৃয়ে ২০ ডিচেম্বৰত বুঢ়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছল যদিও আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে।
আনহাতে কিশোৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ কৰিছে পৰিয়ালে তথা অখিল ভাৰত হিন্দু সভা নামৰ সংগঠনটোৱে৷ আৰক্ষীয়ে ঘটনাক গুৰুত্ব প্ৰদান নকৰাত পৰিয়াল তথা অখিল ভাৰত হিন্দু সভাই গৰিহণা দিয়ে৷ সংগঠনটোৱে ১৭ বছৰীয়া কিশোৰীগৰাকীক শীঘ্ৰে উদ্ধাৰ কৰাৰ লগতে দুৰ্বৃত্তক গ্রেপ্তাৰ কৰিবলৈ দাবী জনায় দৰং আৰক্ষীক।
কিশোৰীগৰাকীৰ পিতৃয়ে যোৱা ১৮ ডিচেম্বৰৰ পুৱা প্ৰায় ৯ বজাত একেখন শিক্ষানুষ্ঠানৰে ছাত্ৰ দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত দুমুনিচকীৰ টিকু হকে কিশোৰীগৰাকীক অপহৰণ কৰি নিয়া বুলি এজাহাৰত উল্লেখ কৰে।