
নামতিঃ উত্তৰ প্ৰদেশৰ উন্নাও আৰু জম্মু কাশ্মীৰৰ কাঠুৱাৰ কিশোৰী-শিশু ধৰ্ষণ-হত্যা কাণ্ডই দেশ উত্তাল কৰি থকাৰ সময়তে শিৱসাগৰ জিলা আৰক্ষীয়ে কিশোৰী অপহৰণকাৰীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰাৰ চেষ্টা কৰাৰ লগতে পিতৃক গুলিয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ পিছতেই শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাত এটি পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও আজি পৰ্যন্ত আৰক্ষীয়ে অভিযুক্তক সোধ-পোছৰ বাবেও থানালৈ মাতি নানিলে বুলি অভিযোগ উত্থাপন হৈছে৷ আৰক্ষী থানাই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰ চাপে যদিও যোৱা ডেৰমাহে অভিযুক্তক আটক নকৰিলে আৰক্ষীয়ে৷
যোৱা ২৮ ফেব্ৰুৱাৰীত নামতিৰ মিছাজান চাৰিআলিৰ ন-পাম বাৰুৱতী গাঁৱৰ এগৰাকী ছাত্রীক নিজ ঘৰত অকলে থকা অৱস্থাত দুর্বৃত্তই অপহৰণ কৰাৰ চেষ্টা চলাইছিল। জানিব পৰা মতে, নামতিৰ মিছাজান চাৰিআলিৰ গদাপানি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্রীগৰাকী ২৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্রায় ৬-৩০ বজাত ঘৰত অকলে আছিল৷
কিশোৰীগৰাকী ঘৰত অকলে থকাৰ সময়তে একেটা এলেকাৰে নাথনিকতা চুকৰ হবিবউল্লাৰ পুত্ৰ নিজামুদ্দিন আহমেদে (২৫) ঘৰত কোনো নথকাৰ সুযোগ গ্রহণ কৰি ছাত্রীগৰাকীক অপহৰণ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে৷ ঘৰৰ পাছফালৰ দুৱাৰ খুলি পঢ়া টেবুলত বহি থকা অৱস্থাতে ছাত্রীগৰাকীক টানি চোচৰাই লৈ যোৱাৰ সময়তে ছাত্রীগৰাকীয়ে চিঞৰ বাখৰ কৰে৷
সেই সময়তে ছাত্রীগৰাকীৰ পিতৃ ঘৰলৈ আহি পোৱাতহে নিজামুদ্দিন আহমেদে ছাত্ৰীগৰাকীক লৈ যাবলৈ সক্ষম নহল৷ ছাত্ৰীগৰাকীৰ পিতৃয়ে সময়মতে আহি পোৱাতহে নিজ কন্যাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ছাত্রীগৰাকীৰক উদ্ধাৰ কৰাৰ সময়ত নিজামুদ্দিন আহমেদে ছাত্রীগৰাকীৰ পিতৃক গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছিল। ঘটনা সর্ন্দভত পৰিয়ালৰ লোকে গেলেকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আজি পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হয়৷ এগৰাকী ছাত্ৰীক অপহৰণ আৰু পিতৃক গুলিয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পুনৰ ১০ এপ্ৰিলত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকক অভিযোগ দিয়ে৷ ছাত্রীগৰাকীৰ মানসিক অৱস্থা দিনক দিনে বেয়াৰ দিশে গৈছে বুলি জানিবলৰৈ দিয়ে পিতৃয়ে৷