ৰঙিয়াঃ ট্ৰেনেৰে মাতৃৰ সৈতে বিহাৰলৈ গৈ থকা এগৰাকী কিশোৰ আজি ৰঙিয়াত উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত৷ জানিব পৰা মতে, চিন্টু কুমাৰ যাদৱ নামৰ ১৪ বছৰীয়া কিশোৰটোৱে মাতৃৰ সৈতে গুৱাহাটীৰ পৰা বিহাৰৰ কাটিহাৰলৈ যাবৰ বাবে গুৱাহাটী ৰেল ষ্টেছনলৈ আহে৷

গুৱাহাটীত ৰেলত উঠাৰ পুৰ্বে ষ্টেছনত মাতৃৰ সৈতে বিচ্ছিন্ন হয় চিন্টু৷ মাতৃক বিচাৰি ট্ৰেইনত উঠি ৰঙিয়া ষ্টেছনত পায় মাকক বিচাৰি ইফাল সিফাল ঘুৰি ফুৰা কৰি থকা প্ৰত্যক্ষ কৰে জি আৰ পি এফে৷ লগে লগে কিশোৰগৰাকীক জিআৰপিএফ ৰেল আৰক্ষী থানালৈ আনি সোধ-পোছ কৰাত মাতৃৰ লগত গুৱাহাটীৰ পৰা কাটিহাৰলৈ যাবলৈ অহা বুলি কয়। ভিৰৰ বাবে মাকৰ পৰা বিচ্ছিন্ন হয় কিশোৰ চিন্টু। কাটিহাৰৰ দীপক কুমাৰ যাদৱৰ পূত্ৰ চিন্টুক পিছত জিআৰপিএফে গুৱাহাটী চাইল্ড লাইনত গতাই দিয়ে।