নাৰায়ণপুৰঃ আপুনি শীতল পানীয় বা ফলৰ ৰস সেৱন কৰি ভাল পাই নেকি? তাতে আকৌ গৰমৰ বতৰ। নিশ্চয় বহুতেই ভাল পায়। কিন্তু সাৱধান! সেই ফলৰ ৰস বা শীতল পানীয়ই আপোনাৰ বা আপোনাৰ সন্তানৰ জীৱনলৈ মাতি আনিব পাৰে বিপদ। এনে এক ঘটনা সংঘটিত হৈছে নাৰায়ণপুৰৰ ঢলপুৰত। 

হিন্দুস্থান ক'কা-ক'লা বেভাৰেজ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীৰ ১০ টকীয়া কাগজৰ মিনিট মেইড মেংগো নামৰ ফ্ৰুইট ড্ৰিংকছত ওলাইছে কেঁচু জাতীয় মাৰাত্মক বীজাণু। পেকেটত থকা আমৰ ৰস সেৱন কৰি বিষক্ৰিয়াত আক্ৰান্ত হ'বলগীয়াত হৈছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী।

ঘটনাৰ বিৱৰণী অনুসৰি ঢলপুৰ কেন্দ্ৰ স্থলৰ বিবিট দাস নামৰ লোকজনে ওচৰৰ পাণ দোকান এখনৰ পৰা নিজৰ পুত্ৰ-কন্যাৰ বাবে ৫টা মিনিট মেইড মেংগো নামৰ ফ্ৰুইট ড্ৰিংকছ কিনি আনি কন্যাক দিয়ে। দশম শ্ৰেণীত পঢ়ি থকা কন্যাই পাইপেৰে হুপি থাকোতেই নাকত লাগে এক দুৰ্গন্ধ আৰু পাইপেৰে মুখত সোমাই এক কেঁচুৰ নিচিনা পোক। 

লগে লগে ছাত্ৰীগৰাকীৰ বমি হোৱাৰ লগতে পেটত বিষক্ৰিয়া আৰম্ভ হয়। ততাতৈয়াকৈ ছাত্ৰীগৰাকীক ঢলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ গৈ চিকিৎসকক দেখুওৱা হয় । চিকিৎসকে তিনিটা বেজী দিয়াৰ পিছতহে ছাত্ৰীগৰাকী সামান্য সুস্থ হয়।

পিছত পেকেটকেইটা ফালি চোৱাত দেখা যায় যে আমৰ ৰসৰ লগতে কেঁচুৰ দৰে পোক ওপঙি আছে। ছাত্ৰীগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে ঢলপুৰ অঞ্চলবাসীয়ে এনে স্বাস্থ্যৰ বাবে হানিকৰ পানীয় আৰু কাণ্ডজ্ঞানহীন কোম্পানীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।