মিৰ্জাঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ লগতে তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চা। ৰাজ্যৰ বিভিন্ন ঠাইত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই নিৰ্বাচন উপলক্ষে সভাৰ আয়োজন কৰি ভোটাৰ ৰাইজৰ মাজত বিজেপি দলৰ প্ৰতি আকৰ্ষিত কৰিছে। সেই উদ্দেশ্য আগত ৰাখি দেওবাৰে পলাশবাৰীৰ মিৰ্জাস্থিত ৰাধা কৃষ্ণ ল’জৰ প্ৰেক্ষাগৃত ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলা যুৱ মৰ্চাৰ উদ্যোগত যোগদান সভা অনুষ্ঠিত হয়। 

দক্ষিণ কামৰূপ জিলা যুৱ মৰ্চাৰ সভাপতি গিৰিৰাজ তিমচিনাৰ পৌৰোহিত্যত এখন সভা অনুষ্ঠিত হয়। সভাত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অৰূপ বৰ্মণ উপস্থিত থাকি আগন্তুক লোকসভা নিৰ্বাচনত যুৱ শক্তিৰ ভুমিকা তথা সাংগঠনিক ৰণ কৌশল দিশত আলোকপাত কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন দলে যিজন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেইজনক মতানৈক্য নকৰাকৈ বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়। 

লগতে দেওবাৰৰ সভাত বিজেপি দলটোৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰা যুৱক-যুৱতীসকলক কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক দিনত দলটোৰ হৈ নিষ্ঠা সহকাৰে কাম কৰি যাবলৈ আহ্বান জনায়। দক্ষিণ কামৰূপ জিলা যুৱ মৰ্চাৰ উপ-সভাপতি ফুলমণি দাসে আতধৰা সভাখনত দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইৰ প্ৰায় শতাধিক যুৱক-যুৱতীয়ে গেৰুৱা বস্ত্ৰ, টুপি আৰু পদুম ফুলৰ চিহ্ন পৰিধান কৰি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। 

উক্ত সভাত যুৱ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি তথা গুৱাহাটী লোক সভা সমষ্টিৰ নিৰ্বাচন তত্বাবধায়ক চিন্ময় শৰ্মা, যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক হিমাংশু শেখৰ বৈশ্য, দক্ষিণ কামৰূপ জিলা যুৱ মৰ্চাৰ সহ: প্ৰভাৰী হিৰণ্য কলিতা, ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্যালয় সহ: তত্বাৱধায়ক গণেশ দাস, জিলা তথা মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সভাৰ শেষত সকলোৱে ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশন কৰি সভাৰ সামৰণি পৰে।