30
May
2017

মিছামাৰীঃ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফল ৰাজ্য খনৰ অন্যান্য ঠাইৰ দৰে শোণিতপুৰৰ মিছামাৰী কেন্দ্ৰৰ ফলাফলো সন্তোষজনক বুলি জানিব পৰা গৈছে।
মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এইবাৰৰ পৰীক্ষাত কলা শাখাত ১৯ গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।
ইয়াৰ মাজৰে বিনোদ বড়ো, শিবু কুমাৰ দাস, পায়েল ভৌমিক, চাহিন আনচাৰী, চিন্তী চাকি আৰু তৰালী বৈশ্যই ষ্টাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।
একেদৰে দ্বিতীয় বিভাগত ২৯ গৰাকী আৰু তৃতীয় বিভাগত ৯০ গৰাকী পৰীক্ষাৰ্থী কলা শাখাত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ইয়াৰ সমান্তৰাল ভাবে কেন্দ্ৰটোত অনুষ্ঠিত বাণিজ্য শাখাৰ পৰীক্ষাত শিৱৰাজ মহন্তই ষ্টাৰ নম্বৰ সহ প্ৰথম বিভাগত আৰু দ্বিতীয় আৰু তৃতীয় বিভাগত ক্ৰমে ১৫ আৰু ১৬ গৰাকী পৰীক্ষাৰ্থী বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে।