
মিছামাৰীঃ শোণিতপুৰৰ অতি ব্যস্ততাপূৰ্ণ অঞ্চল মিছামাৰীত বিগত ভালেকেইদিন ধৰি ঘন্টাৰ পাছত ঘন্টা ধৰি বিদ্যুত সেৱা ব্যাহত আৰু লুকাভাকু অব্যাহত চলি থকাত অঞ্চলটোৰ উদ্যোগ, ব্যৱসায়ীক প্ৰতিষ্ঠান, কাৰ্যালয় আদিৰ উপৰি গ্ৰাহক ৰাইজক বাৰুকৈয়ে অতিষ্ঠ কৰি তোলা বুলি জানিবপৰা গৈছে।
মিছামাৰীৰ দৰে ব্যস্ততাময় অঞ্চলত বিদ্যুতৰ নাটনি হোৱাটো দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে। উল্লেখ্য যে, বিজেপি চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক চৌবিশ ঘন্টাই বিদ্যুত যোগানৰ আশ্বাস দিছিল কিন্তু এটা বছৰ সম্পুৰ্ণ কৰা চৰকাৰ খনে ৰাইজক প্ৰদান কৰা আশ্বাস সম্পুৰ্ণ কৰাত ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ তুলিছে।
শক্তিমন্ত্ৰী পল্লৱ লোচন দাসৰ বিধান সভা সমষ্টি ৰঙাপৰাত অৱস্থিত বিদ্যুত সংমণ্ডলটোৰ পৰা বিভিন্ন ঠাইত যোগান ধৰা বিদ্যুত সেৱাৰ পৰা গ্ৰাহকে দীৰ্ঘদিন ধৰি জ্বলা-কলা খাই অহা বুলি জানিবপৰা গৈছে। প্ৰথম বাৰৰ বাবে অসমত নৱগঠিত বিজেপি চৰকাৰ খনে ৰঙাপৰা সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসক শক্তি মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰাত ৰঙাপৰাৰ উপৰি ইয়াৰ কাষৰীয়া সমষ্টি সমুহৰ ৰাইজ উৎফুল্লিত হৈছিল।
কিন্তু শেহতীয়া ভাবে বিদ্যুত সেৱাৰ নামত মাধমাৰ খাব লগা হোৱাত গ্ৰাহক ৰাইজে মন্ত্ৰী গৰাকীৰ ওপৰত অসন্তষ্টি প্ৰকাশ কৰিছে। ইপিনে ৰঙাপৰা বিদ্যুত সংমণ্ডল কাৰ্যালয়ত পৰ্যাপ্ত পৰিমাণে মিটাৰ বাকচ চৰকাৰে যোগান ধৰিব নোৱাৰাৰ ফলত একাংশ গ্ৰাহক ৰাইজে বিদ্যুত ব্যৱহাৰ কৰি আহিছে যদিও বছৰৰ পাছত বছৰ ধৰি বিল আদায় দিব পাৰে নাই বুলি অভিযোগ পোৱা গৈছে।
ফলত যি সময়ত চৰকাৰ খনে ৰাজ্যৰ ৰাজকোষ টনকিয়াল কৰাৰ বাবে চেষ্টা চলাই আহিছে তেনে সময়ত চৰকাৰটোৰ বিভাগীয় কৰ্তৃপক্ষই গ্ৰাহক ৰাইজক মিটাৰ যোগান ধৰিব নোৱাৰাটো বিশেষকৈ মন্ত্ৰী গৰাকীকে জগৰীয়া কৰিছে অঞ্চলটোৰ ৰাইজে।
অৱশ্যে বিশেষকৈ মিছামাৰী অঞ্চলৰ ৰাইজক বিদ্যুত সেৱা আগবঢ়োৱাত বিভাগটোৰ কৰ্মচাৰী সকল কোনো দিনে কৃপণালি কৰা নাই বুলি ৰাইজে স্বীকাৰ কৰিছে।