লংকাঃ হোজাই জিলাৰ লংকাৰ এটি বেংকত এগৰাকী জ্যেষ্ঠ মহিলাক কাম কৰি নিদিয়াৰ লগতে দুৰ্ব্যৱহাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে জিলা খনত৷ জানিব পৰা মতে, ইউ বি আইৰ লংকাৰ লংকাত বুধবাৰে এগৰাকী মহিলাই এটিএমৰ সমস্যা সমাধানৰ বাবে৷ মহিলাগৰাকীয়ে বাৰে বাৰে এগৰাকী কৰ্মচাৰীক এটিএমৰ সমস্যা সন্দৰ্ভত অৱগত কৰে যদিও গুৰুত্ব আৰোপ নকৰে৷

কিছু সময় পিছতেই মহিলাগৰাকীক বেংকৰ ভিতৰতে দুৰ্ব্যৱহাৰ কৰে কৰ্মচাৰীজনে৷ মহিলাগৰাকীক এনেদৰে কটু কথাৰে বাৰে বাৰে উত্তৰ দিয়াত বেংকত উপস্থিত থকা একাংশ লোক জাঙুৰ খাই উঠে৷ জন সানি কন্যা নামৰ বেংক কৰ্মচাৰীগৰাকীৰ ব্যৱহাৰত উত্তপিত পৰিস্থিতিৰ সৃষ্টি হয় বেংকটোত৷ মহিলাগৰাকীয়ে বেংকৰ এটিএম সেৱা সক্ৰিয় কৰিবলৈ সহায় বিচাৰিছিল বেংক কৰ্মচাৰী জন সানি কন্যাৰ পৰা৷

মহিলাগৰাকীৰ কাম কৰি নিদিয়াৰ কথা স্পষ্ট কৰি দিয়ে বেংক কৰ্মচাৰীজনে৷ উক্ত ঘটনাৰ সন্দৰ্ভত খবৰ লাভ কৰি বেংকত উপস্থিত হোৱা সাংবাদিককো বেংক কৰ্মচাৰীজনে বেয়া ব্যৱহাৰ কৰে৷ খংত অগ্নিশৰ্মা হৈ বেংক কৰ্মচাৰী জনে ভদ্ৰতাৰ সীমা চেৰাই সাংবাদিকক দুৰ্ব্যবহাৰ কৰে৷ সাংবাদিকৰ কেমেৰা ভঙাৰ ভাবুকি প্ৰদান কৰে বেংক কৰ্মীজনে। যাৰ ফলত বুধবাৰে উত্তপ্ত হৈ পৰিল লংকাৰ ইউ বি আই বেংক৷ ইয়াৰ পূৰ্বেও এই জন বেংক কৰ্মচাৰীয়ে বেংক গ্ৰাহকক দুৰ্ব্যবহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷