কাকপথাৰঃ ৬০ ঘন্টা ধৰি শুংসূত্ৰ নাই এগৰাকী ৭০ বছৰীয়া বৃদ্ধৰ৷ ৭০ বছৰীয়া বৃদ্ধ পিতৃক বিচাৰি হায়ৰাণ এগৰাকী পুত্ৰ৷ চক, বজাৰ গাঁৱে-ভূঞে ঘূৰি পিতৃক বিচাৰি হায়ৰাণ পুত্ৰ৷

যোৱা শনিবাৰে ঘৰৰ পৰা ওলাই গৈ আজিলৈ উভতি নাহিল কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিৰাক চাৰিআলিৰ গজেন দহোতীয়া৷ পুত্ৰ দিগন্ত দহোতীয়াই পৰিয়ালৰ অজানিতে ঘৰৰ পৰা ওলাই গৈ পিতৃ নিৰুদ্দেশ হোৱা বুলি কয়৷

বিচাৰ খোচাৰ কৰি সম্ভেদ নোপোৱাত কাকপথাৰ আৰক্ষী থানাত পৰিয়ালে এজাহাৰ দাখিল কৰে৷ কোনো লোকে পিতৃ গজেনৰ সম্ভেদ পালে শীঘ্ৰে ৯৯৫৪৫-৯২০৯৫নম্বৰত জনাবলৈ কাতৰ অনুৰোধ জনাইছে দিগন্তই৷