
নগাঁওঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পুহিৰাম শইকীয়া নামৰ ৰোগীজন আজি পুৱা চিকিৎসালয়খনৰ পৰাই সন্ধানহীন হৈ পৰাত পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰিছে।
জানিব পৰা মতে, নগাঁও চহৰৰ সমীপবৰ্তী কঁঢালীগাঁৱৰ ৭৫ বছৰীয়া পুহিৰাম শইকীয়াক যোৱা ১২ ডিচেম্বৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আজি তেওঁক চিকিৎসকে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়ে যদিও সেইটো সময়তে তেওঁ চিকিৎসাধীন হৈ থকা থকা মেডিচিন ৱাৰ্ড-১ ৰ পৰা পুৱা প্ৰায় ১০.৩০ বজাৰ পৰা সন্ধানহীন হয়। পৰিয়ালৰ লোক সন্ধিয়া পৰ্যন্ত ৰোগগ্ৰস্ত বয়োজেষ্ঠ্য ব্যক্তি গৰাকীক বিচাৰি সকলো চলাথ কৰিছে যদিও যদিও কোনো সন্ধান সন্ধান উলিয়াব উলিয়াব নোৱাৰাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে।
ইতিমধ্যে বিষয়টো সন্দৰ্ভত পৰিয়ালৰ লোকে লোকে আৰক্ষীক অৱগত কৰিছে। নিৰুদ্দিষ্ট ব্যক্তি গৰাকীৰ কোনো সদাশয় লোকে কিবা সন্ধান পালে ৮৬৩৮০৭৯১২৩ নম্বৰত নাইবা নিকটবৰ্তী আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালবৰ্গই ৷