21
Aug
2018

newsnextone.com | যোৰহাটঃ যোৰহাট জিলাৰ ক্লাৱ ৰ'ডৰ পৰা এগৰাকী ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, যোৰহাট জিলাৰ ক্লাৱ ৰ'ডৰ যতীন্দ্ৰ সিং নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা বৰকত অালী নামৰ লোকজনৰ সম্বন্ধীয় জিনি বেগম(১৩) নামৰ কিশোৰীগৰাকী যোৱা ১৫ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে।
জিনিয়ে ঘৰৰ কাষৰে ভাড়াতীয়া হিচাপে থকা ৰীণা বড়ো নামৰ মহিলাগৰাকীৰ সৈতে ন-অালি হাবিচুকৰ এটা বিবাহ বাহৰত বিয়া খাবলৈ যোৱাৰ পাছতে নিৰুদ্দেশ হয়।
এই সন্দৰ্ভত বৰকত অালীৰ পত্নী অাচমা বেগমে লিচুবাৰী অাৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত ছাত্ৰীগৰাকীৰ কোনো সম্ভেদ লাভ কৰা নাই।