
শুক্লাইঃ কাম বিচাৰি গৈ বহিঃৰাজ্যত সন্ধানহীন হল অসমৰ যুৱতী৷ ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত তেলিয়াপাৰা গাঁৱৰ এগৰাকী যুৱতী বহিঃৰাজ্যত কাম বিচাৰি যোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
উল্লেখ্য যে, ৰৌতাৰ টাটা উদ্যোগিক প্ৰতিষ্ঠানত টেইলৰিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল মঃ চামচুল আলি আৰু জয়তুন বেগমৰ কন্যা ৰুবী বেগমে৷ প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছত প্ৰতিষ্ঠানটোৱে ৰুবীক চেন্নাইৰ এটা প্ৰতিষ্ঠানত চুপাৰভাইজৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল৷
প্ৰতিষ্ঠানটোত নিযুক্তি পোৱাৰ কেইমাহমান পিছতে মাতৃৰ বেমাৰ হোৱাত ৰুবিয়ে ছুটি লৈ কেইগৰাকীমান বান্ধৱীৰ সৈতে ২৪ ফেব্ৰুৱাৰীত ঘৰলৈ বুলি উভটি আহে৷ কিন্তু চেন্নাইৰ পৰা তিনিটা ষ্টেচন পাৰ হোৱাৰ পাছতে ট্ৰেইনৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে ৰুবী৷
ঘটনাৰ পিছদিনাই এই সম্পৰ্কত ৰৌতাৰ টাটা উদ্যোগিক প্ৰতিষ্ঠান কৰ্তৃপক্ষই অৱগত কৰে পৰিয়ালক৷
যুৱতীগৰাকীৰ এই উভতনি যাত্ৰাত প্ৰতিষ্ঠানটোৰ এগৰাকী শিক্ষকে সংগ দিয়া বুলি পৰিয়ালক জনোৱা হৈছিল যদিও ঘটনাটো সংঘটিত হোৱাৰ পিছতে শিক্ষক গৰাকী সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোই। এই সন্দৰ্ভত যুৱতী গৰাকীৰ মাতৃয়ে পানেৰী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।
আৰক্ষীয়ে বহিঃৰাজ্যত সন্ধানহীন হোৱা যুৱতী গৰাকীক উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে এজাহাৰকাৰীক কটু মন্তব্যৰে অপদস্থহে কৰা বুলি অভিযোগ তুলিছে ভূক্তভোগী পৰিয়ালটোৱে।