বাৰপুজীয়াঃ এশ ঘন্টা ধৰি খবৰ নাই বৰষাৰ৷ পিতৃ-মাতৃৰ দুচকুত এতিয়া টোপনিবিহীন ৰাতি৷ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়েও৷ মৰিগাঁও জিলাৰ বাখৰবড়ী মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী বৰষা দাস৷

২৩ আগষ্টৰ দিনা ঘৰৰ পৰাই সন্ধানহীন হৈ পৰে ষোল্ল বছৰীয়া কিশোৰীগৰাকী৷ সন্ধিয়া নবম শ্ৰেনীত পঢ়ি থকা বৰষাক নেদেখি পৰিয়ালৰ মাজত হৈ চৈ লাগে৷ ওচৰ চুবুৰীয়া আৰু সম্বন্ধীয় সকলোৰে ঘৰত খবৰ কৰাৰ পাছত পিতৃ নিপেন বৰাই মৰিগাঁও সদৰ আৰক্ষী চকীত নিজ কন্যাক কোনো দুষ্ট চক্ৰই অপহৰণ কৰাৰ আশংকা কৰি এখন এজাহাৰ দাখিল কৰে৷

কিন্তু গোচৰ ৰুজু কৰাৰ চাৰিদিন পাছতো কিশোৰীগৰাকীৰ সন্ধান উলিওৱাত মৰিগাঁও সদৰ থানাৰ জনৈক শৰ্মা উপাধিৰ আৰক্ষী বিষয়াই সহায় নকৰা বুলি অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পিতৃয়ে৷

সন্ধানহীনৰ আজি চাৰিদিন অতিক্ৰম কৰাৰ পাছতো কিশোৰী গৰাকীৰ কোনো সম্ভেদ নোলোৱাত শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ৷