newsnextone.com | মৰিগাঁওঃ মৰিগাঁও জিলাৰ শংকৰদেৱ একাডেমীৰ এগৰাকী ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ স্কুলৰ ছুটী হোৱাৰ পিছত মৰিগাঁও চহৰৰ পৰা মৰি মুচলমান গাঁৱৰ ঘৰলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ হয় যুৱতীগৰাকী৷ মৰি মুচলমান গাঁৱৰ মান্নান মোহৰ দেৱান নামৰ যুৱতীগৰাকীয়ে সন্ধিয়ালৈ ঘৰত আহি উপস্থিত নোহোৱাত বিচাৰ-খোচাৰ কৰি কোনো শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰাত অৱশেষত মৰিগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পৰিয়ালে৷

পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক অপহৰণ কৰা বুলি সন্দেহ কৰে৷ ছাত্ৰগৰাকীৰ পিতৃয়ে স্কুলৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত মৰি মুচলমান গাঁৱৰে ৰকি নামৰ যুৱকজনে অপহৰণ কৰি নিয়া বুলি অভিযোগ উত্থাপন কৰে৷ টেম্পত আহি থকা অৱস্থাক টেম্প ৰখাই যুৱতীক গৰাকীক লৈ যায় বুলি কয় পৰিয়ালে ৷ ৰকিৰ লগতে আন কইবাজনো লোকে এই কাণ্ডত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে ছাত্ৰীগৰাকীৰ পৰিয়ালে৷

এই ঘটনাত ৰকিৰ পৰিয়ালো জৰিত বুলি সন্দেহ প্ৰকাশ কৰি ছাত্ৰী মান্নান মোহৰ দেৱানৰ পৰিয়ালে মৰিগাঁও আৰক্ষী চকীত দাখিল কৰা এজাহাৰত ৰকিৰ নাম উল্লেখ কৰে৷ আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে যদিও যুৱতীগৰাকী আৰু ৰকিৰ কোনো সম্ভেদ লাভ কৰা নাই বুলি জানিব পৰা গৈছে৷