27
Nov
2017

লালুকঃ মৎস্য চিকাৰ কৰিবলৈ গৈ যোৱা ২৫ নৱেম্বৰৰ পৰা এগৰাকী লোক নিৰুদ্দেশ হৈ থকাত চাঞ্চল্যৰ সৃষ্টি কৰিছে লখিমপুৰ জিলাৰ বঙালমৰাত৷ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত কাড়িপুখুৰীৰ মাইনুল ইছলাম নামৰ লোক জন মৎস্য চিকাৰ কৰিবলৈ গৈ নিৰুদ্দেশ হয়৷
২৫ নৱেম্বৰত মাছ ধৰিবৰ বাবে মাজুলীৰ মিছামৰা নামৰ ঠাইলৈ গৈছিল মাইনুলে৷ পুৱাই ঘৰৰ পৰা ওলায় গৈ মাইনুলে এতিয়ালৈ উভতি অহা নাই৷ পৰিয়ালৰ লোকে নিৰুদ্দেশ সন্দৰ্ভত বঙালমৰা আৰক্ষী চকীক অৱগত কৰে৷ দৰিদ্ৰ পৰিয়ালটোৰ উপাৰ্জনকাৰী জনেই নিৰুদ্দেশ হোৱাত দিশহাৰা হৈ পৰিছে পৰিয়ালটোৱে৷ নাঁওৰ পৰা পানীত পৰাৰ সন্দেহ কৰি ৰাইজে বিচাৰ খোচাৰ কৰে যদিও শুংসুত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷