গোৰেশ্বৰঃ যোৱা ২৮ নৱেম্বৰত ঘৰৰ পৰা ওলাই গৈ এগৰাকী যুৱক আজিলৈকে ঘৰলৈ উভতি নহাত চিন্তাত দিন পাৰ কৰিছে এটা পৰিয়ালে৷ বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত মহৰিপাৰাৰ ১ নং ৰৌমাৰী গাঁৱৰ তবিবৰ ৰহমান(২১) যোৱা ২৮ নৱেম্বৰত ঘৰৰ পৰা ওলাই গৈছিল।

ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা যুৱকজন সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে বহু খা-খবৰ কৰিও যুবকজনৰ কোনো সন্ধান পোৱা নাই। প্ৰায় ৫ ফুট ৬ ইঞ্চি ওখ বগা বৰণৰ যুবকজনে নিৰুদ্দেশৰ সময়ত ঘৰৰ পৰা নীলা জিনচ পেন্ট আৰু বগা চাৰ্ট পৰিধান কৰি আছিল। যুৱকজনৰ কোনো সম্ভেদ পালে ওচৰৰ থানা নতুবা ৯৫৭৭২৬৮৯৬২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।