14
Aug
2017

অভয়াপুৰীঃ ৰাজ্য জুৰি সেনা-আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ সময়তে এগৰাকী অভিযন্তাক অপহৰণ হোৱাৰ সন্দেহ কৰিছে ৰাইজে৷ স্বাধীনতা দিৱসলৈ কেইটামান ঘন্টা বাকী থকা অৱস্থাত অপহৰণ হয় অভিযন্তাগৰাকী৷ বঙাইগাঁৱৰ বইটামাৰীৰ পৰা নিৰুদ্দেশ অভিযন্তা ত্ৰিদ্বীপ কলিতা৷
ময়নাগুৰী-যোগীঘোপা সংযোগী নতুন ৰেল পথ নিৰ্মানৰ দ্বায়িত্বত থকা অভিযন্তা গৰাকীয়ে ‘নায়ক কষ্ট্ৰাকচন প্ৰাঃ লিমিটেড’ নামৰ কোম্পানীত কাম কৰি আছিল৷ অভিযন্তা তথা প্ৰজেক্ট মেনেজাৰৰ দ্বায়িত্বত আছিল ত্ৰিদ্বীপ কলিতা (৩২)৷
AS-09-E-5828 বগা ৰঙৰ ব’লেৰ গাড়ী খন লৈ দেওবাৰে পূৱা কৰ্মক্ষেত্ৰলৈ ওলাই যোৱাৰ পৰা সন্ধানহীন হৈ আছে অভিযন্তাগৰাকী৷ তেওঁৰ ঘৰ নলবাৰী জিলাৰ ভেল্ল’ৰ চ’কত বুলি জানিব পৰা গৈছে ৷ আৰক্ষীক তদন্ত অব্যাহত ৰাখিছে যদিও কোনো শুংসুত্ৰ পোৱা নাই যুৱ অভিযন্তাগৰাকীৰ৷