01
Aug
2017

নাজিৰাঃ স্কুটি সহিতে ৰাজপথৰ পৰা নিৰুদ্দেশ হ'ল এটি কিশোৰ৷ যোৱা ২২ জুলাইত ঘৰৰ পৰা স্কুটি চলাই ওলাই আহি ৮ দিনে সন্ধান নাই কিশোৰটিৰ।
শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী ন’ আলি গাঁৱৰ আবু আলিৰ ১৩ বছৰীয়া পুত্ৰ আনিছ আলি যোৱা ২২ জুলাইৰ পৰা নিৰুদ্দেশ হয়।
স্কুটি লৈ শিৱসাগৰ টাউন অভিমুখে আহি থাকোতেই নিৰুদ্দেশ হয় কিশোৰটি। কোনো লোকে কিশোৰটিৰ সম্ভেদ পালে ৮৭৪৯৯৪২৩৮২ নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ আবু আলীয়ে অনুৰোধ জনাইছে।